ৰাভাসকল অসমৰ এক সুপ্ৰাচীন জনজাতি


ৰাভাসকল অসমৰ এক সুপ্ৰাচীন জনজাতি
ড॰ ভৱেশ দাস

আৰ্যসকলে ভাৰতৰ পূৱ অংশইদি প্ৰৱেশ কৰা মঙ্গোলীয় লোকসকলক কিৰাত বুলি আভিহিত কৰিছিল৷  এওঁলোক  প্ৰায় খ্ৰীষ্টপূৰ্ব ১৫০০১পৰা ১২০০ মানলৈ ভাৰত সীমান্ত অঞ্চলত প্ৰৱেশ কৰিছিল৷ ৰাভাসকলো এই কিৰাতসকলৰে এটা ভাগ৷ গোৱালপাৰা জিলাত বসবাস কৰা ৰাভা, বড়ো, গাৰো, মেচ, কছাৰীসকল  তিব্বত-বৰ্মীয় ভাষা গোষ্টীৰ অসম বৰ্মা শাখাৰ অন্তৰ্ভুক্ত৷ ড॰ ভূৱন মোহন দাসেই ৰাভাসকলক কছাৰী, গাৰো, লালুং [তিৱা], ডিমাছা, পাহাৰীয়া টিপ্পেৰা, মেছ, মৰাণ আৰু ছুটীয়াসকলৰ দৰেই বড়ো গোষ্ঠীৰ অন্তৰ্ভুক্ত বুলি উল্লেখ কৰিছে৷ বহুতো পণ্ডিতৰ মতে কোচ, মেচ আৰু ৰাভা একেটা জনজাতিৰ অন্তৰ্ভুক্ত৷ অসম সাহিত্য সভাৰ সভাপতি গল্পলেখক জমিদাৰ নগেন্দ্ৰ নাৰায়ন চৌধুৰীৰ উপৰিপুৰুষ থানা কমললোচন ৰাভা জনগোষ্ঠীৰ লোক আছিল৷ আনকি কোচ ৰজা নৰনাৰায়নৰ উপৰিপুৰুষ  বিশ্বসিংহও এগৰাকী ৰাভা জনগোষ্ঠীৰ লোক আছিল৷ ড॰ ৰেৱতীমোহন সাহাই  স্পষ্টভাৱে কৈছে- এই আদিবাসী জাতিটি কোথাও কোচ, কোথাও ৰাভা নামে পৰিচিত৷’ বেণুধৰ শৰ্মাৰ মতেও ‘কোচ ৰজা বিশ্বসিংহ ৰজা হোৱাৰ আগতে কোচ বা ৰাজবংশীৰ যি ভাষা আছিল ৰাভাৰো সেই ভাষাই৷’’ ১৫১৫ চনত নৰনাৰায়নে ৰাজ সিংহাসনত আৰোহণ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পাছত তেওঁলোক ৰাজবংশী বুলি নতুনকৈ পৰিচয় লাভ কৰিছিল৷ ডেল্টন চাহাবেও এই মতকে মানি লৈছিল- ‘বিশ্বসিংহই হিন্দু ধৰ্ম গ্ৰহণ কৰি ৰাজবংশী বুলি চিহ্নিত হয়৷’’
ৰাভাসকলৰ বুৰঞ্জী মানে প্ৰাচীন কামৰূপৰ বুৰঞ্জী৷ খ্ৰীষ্টপূৰ্ব ১৩০০ চনৰপৰা ৰম শতিকালৈ প্ৰাচীন কামৰূপৰ অন্ধকাৰ যুগ বুলি কোৱা হয়৷ সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ মতে খ্ৰীষ্টপূৰ্ব ১০০০১ বহু পূৰ্বেই তিব্বত বৰ্মী গোষ্ঠীৰ লোকসকল আহি কামৰূপত প্ৰৱেশ কৰিছিল৷ যোগিনীতন্ত্ৰত দেৱেশ্বৰ নামৰ এজন ৰজাৰ কথা পোৱা যায়৷ এওঁৰ ৰাজত্বকাল প্ৰথম শতিকাৰ শেষ ভাগ বুলি অনুমান কৰা হৈছে৷ খ্ৰীষ্টিয়þ চতুৰ্থ শতিকাত শাঙ্কল বা শঙ্কলাদিৱ নামৰ এজন ৰজাই কামৰূপ শাসন কৰিছিল৷ গেইট চাহাবে শঙ্কলাদিৱক  প্ৰথমগৰাকী জনজাতীয় ৰজা বুলি অভিহিত কৰিছে৷ হয়তো ৰাভাসকলৰ বুৰঞ্জী ইয়াৰপৰাই আৰম্ভ হয়৷ ডাঃ শৰৎ চন্দ্ৰ ৰাভাই তেওঁৰ ‘ৰাভা বুৰঞ্জীৰ জিলিঙনি’ নামৰ বিশালকায় গ্ৰন্থখনত অসম বুৰঞ্জীৰ অন্ধকাৰ যুগৰপৰা বৰ্তমানলৈকে অসম বুৰঞ্জী লিপিৱদ্ধ কৰিছে৷ 
ৰাভাসকল যথেষ্ট পৰাক্ৰমী জাতি আছিল৷ মোগলে দক্ষিণকূল আক্ৰমণ কৰিবলৈ আহোতে ৰাভাসকলৰ বীৰ পৰশুৰামে যথেষ্ট শক্তিৰে সেই আক্ৰমণক বাধা প্ৰদান কৰিছিল৷ পৰশুৰামৰ ৰাজ্য আছিল গোৱালপাৰা জিলাৰ শোলমাৰীত৷ ধুপধৰা পাৰ হৈ ৰংজুলিত আন এগৰাকী ৰাভা বীৰ সামৰূয়েদে কোঠ সাজি মোগলক প্ৰতিহত কৰিবলৈ চেষ্টা কৰিছিল৷ বেণুধৰ শৰ্মাই লিখিছে- ইতিহাসত প্ৰথমবাৰৰ বাবে ৭০০ ৰাভা সৈন্যই সামৰূয়েদৰ দুৰ্গত যোগদান কৰি মোগলৰ বিপক্ষে যুদ্ধ কৰিছিল৷ ডাঃ শৰৎ চন্দ্ৰ ৰাভাই  এই বীৰসকলৰ ঐতিহাসিক কাহিনী তথ্য প্ৰমাণৰ ভিত্তিত বহলকৈ দাঙি ধৰিছে৷
ৰাভাসকলে মহাত্মা গান্ধীৰ নেতৃত্বত চলা ভাৰতৰ স্বাধীনতা আন্দোলনতো বৃটিছৰ বিপক্ষে জপিয়াই পৰিছিল৷ তাৰ বাবে বকো অঞ্চলৰ বহুতো ৰাভা লোকে বৃটিছৰ নিৰ্যাতন সহ্য কৰিবলগীয়া হৈছিল এইসকলৰ ভিতৰত আছিল-কাতিৰাম ৰাভা, লান্দুৰা ৰাভা, উদয় চন্দ্ৰ ৰাভা, হেন্দেলা ৰাভা, অমৰসিং ৰাভা, কমল ৰাভা আদি বহুতে৷ ডাঃ শৰৎ চন্দ্ৰ ৰাভাই ৰাভাসকলৰ স্বাধীনতা যুঁজাৰুসকলৰ এখন তালিকাও তেওঁৰ গ্ৰন্থখনত উল্লেখ কৰিছে৷
ৰাভাসকলে আত্মনিয়ন্ত্ৰণৰ দাবীত বহুদিনৰেপৰা আন্দোলন কৰি আহিছিল৷ ৰাভা ভাষাক প্ৰাথমিক স্তৰত মাধ্যম হিচাবে প্ৰচলন কৰা, ৰাভাসকলক স্বায়ত্ব শাসন প্ৰদান কৰা আদি দাবী বহুদিনৰ পৰাই ৰাভাসকলৰ বিভিন্ন সংগঠনে কৰি আহিছিল৷ ১৯৭৩ চনত জন্ম লাভ কৰিছিল ৰাভাসকলৰ সাহিত্য অনুষ্ঠান ‘বেবাক ৰাভা ক্ৰৌৰাং ৰুঞ্চুম’৷ ১৯৮০ চনত নিখিল ৰাভা ছাত্ৰ সন্থাৰ জন্ম হৈছিল৷ ১৯৯৫ চনৰ ১০ মাৰ্চ তাৰিখে ৰাভাসকলে ঐতিহাসিক ৰাভা চুক্তিৰ যোগেৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ লাভ কৰিবলৈ সক্ষম হয়৷ সেই চনৰে ১২ এপ্ৰিলত বিধান সভাত বিল উত্থাপনৰ যোগেদি চুক্তিখনক সাকাৰ ৰূপ দিয়া হয়৷
এগৰাকী চিকিৎসক হিচাবে কৰ্মজীৱন আৰম্ভ কৰা ডাঃ শৰৎ চন্দ্ৰ ৰাভাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে৷ ডাঃ ৰাভা নিজেই ৰাভাসকলৰ কেবাটাও জাতীয় সংগঠনৰ নেতৃত্ব বহন কৰিছিল৷ ৰাভাসকলে স্বায়ত্ব শাসন লাভ কৰাৰ আঁৰৰ ব্যক্তিজনো আছিল তেৱেঁই৷ তেওঁ দুটা কাৰ্যকালৰ বাবে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল৷ এগৰাকী চিকিৎসক, সমাজ সংগঠক, ৰাজনৈতিক নেতা, কেবাখনো গ্ৰন্থৰ গ্ৰন্থকাৰ আৰু বুৰঞ্জীবিদ ডাঃ শৰৎ চন্দ্ৰ ৰাভাৰ শেহতীয়া গ্ৰন্থখনেই হ’ল ‘ৰাভা বুৰঞ্জীৰ জিলিঙণি’৷ গ্ৰন্থখন কেৱল ৰাভাসকলৰেই বুৰঞ্জী বুলি ভাবিলে ভুল ধাৰণা লোৱা হ’ব৷ অসম বুৰঞ্জীৰ বহু অলিখিত অধ্যায় সামৰি লৈছে এইখন গ্ৰন্থই৷ ডাঃ ৰাভাৰ এই গ্ৰন্থত বিস্তাৰিত ৰূপত সংযোজিত হৈছে বকো-দুধনৈ অঞ্চলৰ স্থানীয় ৰজা, বীৰ-বীৰাঙ্গনাসকলৰ অলিখিত অধ্যায়৷

ৰাভা বুৰঞ্জীৰ জিলিঙনি
ডাঃ শৰৎ চন্দ্ৰ ৰাভা
প্ৰকাশকঃ বেণুধৰ ৰাভা, বকো
মূল্যঃ ৬০০ টকা

লেখকৰ ঠিকনাঃ প্ৰফেচৰছ কলোনী, আজাৰা, গুৱাহাটী-১৭


Leave a Reply

Your email address will not be published. Required fields are marked *