গোৱালপাৰা জিলাৰ অতীত আৰু বৰ্তমান
ড॰ ভৱেশ দাস
ড॰ মহেশ্বৰ নেওগে গোৱালপাৰা জিলাখনক ‘The nest of singing birds’ বুলি কৈছিল৷ প্ৰতিমা বাইদেউ আৰু নিখিলেশ বৰুৱাৰ সুমধুৰ কণ্ঠত গোৱালপৰীয়া লোকসংগীত, অনাখৰী লোকৰ মুখত ‘কুশান গান’, ‘ভাৰী গান’ৰ সুৰ, ‘বায়খো-ছাথাৰ’গীত, ‘বাগৰুম্বা’ আদিয়ে সন্মিলিতভাৱে জিলাখনক গান গোৱা চৰাইৰ বাহ বুলি ড॰ নেওগে সঠিক অৰ্থতেই অভিহিত কৰিছিল৷
জিলাখনৰ ইতিহাস বহু পুৰণি৷ এখন ভূমিদানৰ ফলিত উল্লেখ থকা ‘গোৱালিটিপ্যক’ বা ‘গাল্লিটিপ্পক’ শব্দটোৰ পৰাই ‘গোৱালপাৰা’ নামটোৰ উৎপত্তি বুলি কেবাজনো পণ্ডিতে মত পোষণ কৰিছে৷ তাৰো আগতে এই ভূখণ্ড ‘ৰত্নপীঠ’ নামেৰে জনাজাত আছিল৷ ৰত্নপীঠ নামটো থকালৈকে এই ভূখণ্ড প্ৰাচীন প্ৰাগজ্যোতিষপুৰ বা কামৰূপৰ অংশ হৈ আছিল৷ ইতিহাসৰ বহু কাললৈকে স্থানীয় ৰজাসকলে এই ভূখণ্ড শাসন কৰিলেও কোচ ৰাজ্য পতনৰ পাছত ই মোগলৰ শাসনাধীনলৈ আহে আৰু মোগলৰ পাছত বৃটিছে নতুনকৈ প্ৰশাসনীয় গোট গঠন কৰি ৰত্নপীঠ খণ্ডটোক গোৱালপাৰা নাম দিয়ে৷ কোচ ৰাজত্বৰপৰা বৃটিছৰ ৰাজত্বকাললৈ এই অংশটোত ক্ষুদ্ৰ ক্ষুদ্ৰ জমিদাৰ আছিল৷ জমিদাৰৰ তলত একো একোটা ক্ষুদ্ৰ ভূমি গোট জোতদাৰসকলৰ অধীনত আছিল৷ এই জোতদাৰসকলেই পোনপটীয়াকৈ প্ৰজাৰপৰা কৰ সংগ্ৰহ কৰিব লাগিছিল৷ জমিদাৰসকলেই বৃটিছ শাসিত গোৱালপাৰা জিলাত বিদ্যালয় পাতি আধুনিক শিক্ষাৰ পাতনি মেলিছিল৷ পুৰণি গোৱালপাৰাৰ সদৰ ধুবুৰীত ভোলানাথ মহাবিদ্যালয় মেচপাৰা জমিদাৰে স্থাপন কৰিছিল৷ সেই দৰে অভয়াপুৰীত ৰাণী এভয়েশ্বৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়, গৌৰীপুৰত প্ৰমথেশ বৰুৱা কলেজ, গোৱালপাৰা চহৰত পৃথ্বিৰীম চৰকাৰী উচ্ছতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় আদি আছিল এই অঞ্চলৰ জমিদাৰসকলে স্থাপন কৰা শিক্ষানুষ্ঠান৷
বৰ্তমানৰ ধুবুৰী চহৰ আছিল এসময়ৰ গোৱালপাৰা জিলাৰ সদৰ৷ সেই সময়ৰ গোৱালপাৰা জিলাখন আজিৰ ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, কোকৰাঝাৰ দক্ষিণ শালমাৰা-মানকাচৰ আৰু চিৰাং জিলাক লৈ গঠিত আছিল৷ ইয়াৰে কোকৰাঝাৰ চহৰক সদৰ হিচাবে লৈ চিৰাং আৰু কোকৰাঝাৰ জিলা বিটিআৰৰ অন্তৰ্ভুক্ত আৰু দুধনৈক সদৰ হিচাবে লৈ গোৱালপাৰা জিলা পূব প্ৰান্ত আৰু কামৰূপৰ একাংশ ৰাভা হাছং এলেকাৰ অন্তৰ্গত৷ জিলাখনত ৰাভা, বড়ো, গাৰো, চাওতাল, নেপালী, কোচ ৰাজবংশী, নাথ-যোগী, বামুন, কেওট, কলিতা আদি বিভিন্ন জনগোষ্ঠীৰ লোকে বাস কৰে৷ ধৰ্মৰ ফালৰপৰাও হিন্দু, মুছলমান, খ্ৰীষ্টান, বৌদ্ধ, জৈন আদি বিভন্ন ধৰ্মাৱলম্বী লোকৰ বাসস্থান এই জিলা৷ ধুবুৰীৰ পাঁচপীৰ দৰগাহ আৰু টেগ বাহাদুৰে স্থাপন কৰা গুৰুদ্বাৰ, মীৰজুমলাই পতা পাণবাৰী মছজিদ, মহামায়াৰ মহামায়া থান, চুনাৰী আৰু মানকাচৰত থকা কামাখ্যা দেৱীৰ মন্দিৰ, শ্ৰীসূৰ্য বা সাতালী পাহাৰ, পাগলাৰটেক মন্দিৰ আদি জিলাখনত বাস কৰা বিভিন্ন ধৰ্মাৱলম্বী লোকৰ বহু পুৰণি উপাসনাস্থলী৷ প্ৰসাশনক ৰাইজৰ ওচৰ চপাই নিবলৈ বৃহৎ জিলাখন কেবাটাও ভাগত বিভক্ত কৰি গোৱালপাৰা চহৰক সদৰ হিচাবে লৈ বৰ্তমানৰ গোৱালপাৰা জিলা গঠন কৰা হয়৷ বৰ্তমানৰ গোৱালপাৰা জিলাত গোৱালপাৰা আৰু লক্ষীপুৰ- দুখন পৌৰসভা আছে৷
আকাৰত সৰু হ’লেও জিলাখন সামাজিক-সাংস্কৃতিক দিশত চহকী৷ ইয়াৰ পূবফালে কামৰূপ গ্ৰাম্য জিলা, পশ্চিমে দক্ষিণশালমাৰা-মাচকাচৰ জিলা, দক্ষিণে পশ্চিম গাৰোপাহাৰ জিলা আৰু ব্ৰহ্মপুত্ৰ নদ বৈ গৈছে৷ ব্ৰহ্মপুত্ৰ নদৰ এপৰত থকা নৰনাৰায়ন সেতুখনে বঙাইগাঁও আৰু গোৱালপাৰা জিলাক সংযোগ কৰিছে৷ জিলাখনত বহু লেখত ল’বলগীয়া ব্যক্তিৰ জন্ম হৈছে৷ সৰ্ব ভাৰতীয় খ্যাতি লাভ কৰা অভিনেতা বাহাৰুল ইছলাম, আদিল হুছেইন আৰু প্ৰয়াত আশ্ৰফুল ইছলামৰ ঘৰ এইখন জিলাতে৷ আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিল্পী মুবিন ৰাভা আৰু ডাইনী হত্যা বিৰোধী সংগ্ৰামৰ অগ্ৰণী পদ্মশ্ৰী বীৰুবালা ৰাভাৰ ঘৰ গোৱালপাৰা জিলাত৷ সংগীত নাটক অকাডেমীৰ বঁটা প্ৰাপক ৰাজেন পাম আৰু শুক্ৰাচাৰ্য ৰাভাৰ ঘৰ গোৱালপাৰা জিলাত৷ এই তালিকাখন কৈ শেষ কৰিব নোৱাৰি৷ ৰতন কুমাৰ ৰায় হাজং, মধুসূদন দাস, জিষ্ণু মেধি, মৃণালকান্তি মেধি, জবা চক্ৰৱৰ্তী, ড॰ ক্ষীৰেণ ৰায়, ড॰ পৰিতোষ চক্ৰৱৰ্তী, নগেন্দ্ৰ নাৰায়ন চৌধুৰী, ৰাজেন ৰাভা, অমৃতভূষণ দেৱ অধিকাৰী, গল্পকাৰ অতনু ভট্টাচাৰ্য, প্ৰয়াত জিতেন ডেকা অধ্যাপক ড॰ উপেন ৰাভা হাকাচাম, মুকুল ৰাভাকে ধৰি অসমৰ কেবাগৰাকীও আগশাৰীৰ ব্যক্তিৰ ঘৰ গোৱালপাৰা জিলাত৷ গোৱালপাৰাৰ সুসন্তান প্ৰসন্ন কুমাৰ ঘোষ আৰু লক্ষীপুৰৰ মুক্তিযোদ্ধা শৈলজাকান্ত বোসে জিলাখনত বিদ্যালয়ৰপৰা বাংলা ভাষাক গুচাই অসমীয়া ভাষা প্ৰবৰ্তন কৰা অগ্ৰণী ব্যক্তি আছিল৷ প্ৰয়াত ৰজনীকান্ত সিংহই ১৯৬২ চনতে শিক্ষকতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল৷ বৃটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰা প্ৰথম ব্যক্তিগৰাকীৰ নাম আছিল ৰণাৰাম চৌধুৰী আৰু প্ৰথম শ্বহীদ আছিল বলবলাৰ নিধুৰাম ৰাজবংশী৷ সেই সময়ত গোৱালপাৰা জিলাখন অসমৰ ভিতৰত নাছিল বাবেই হয়তো কুশল কোঁৱৰ, মণিৰাম দেৱান, পিয়লি ফুকনৰ সৈতে ৰণাৰাম চৌধুৰীৰ নাম অসম বুৰঞ্জীত অন্তৰ্ভুক্ত নহ’ল৷
সাহিত্যিক পেঞ্চনাৰ দিলীপ কুমাৰ শৰ্মাৰ সদ্য প্ৰকাশিত ৭১৫ পৃষ্ঠাৰ লগতে জ্জ্ব পৃষ্ঠাৰ বহুৰঙী ফটো সংলগ্ন ‘গোৱালপাৰা দৰ্পণ’ গ্ৰন্থখন বহু তথ্য সম্বলিত জিলাখনৰ এক প্ৰামাণ্য দলিল৷ ৬টা সুকীয়া অধ্যায়ত বিভক্ত গ্ৰন্থখনত গোৱালপাৰাৰ অতীত ইতিহাস, জনগোষ্ঠীসমূহৰ পৰিচয়, অধিবাসীসকলৰ ধৰ্ম, স্থাপত্য, ভাস্কৰ্য, মঠ-মন্দিৰ আদিৰ বিৱৰণ, আৰ্থসামাজিক ব্যৱস্থা, স্বাধীনতা আৰু অস্তিত্ব ৰক্ষাৰ আন্দোলনত অংশ লোৱা বীৰ সেনানীসকলৰ পৰিচয়, সাহিত্য, ক্ৰীড়া, নাটক, সংবাদসেৱাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত কৃতবিদ্য ব্যক্তিসকলৰ পৰিচয়, জিলাখনৰ ঠাইনাম উৎস আদি সামৰি লৈছে৷ সুন্দৰ ছপা-বন্ধাৰে এই গ্ৰন্থখনে জিলাখনৰ বহু নজনা তথ্যৰ সম্ভেদ দিছে৷
গোৱালপাৰা দৰ্পণ
দিলীপ কুমাৰ শৰ্মা
প্ৰকাশকঃ বিনীতা দেৱী
মূল্যঃ ৭০০ টকা
লেখকৰ ঠিকনাঃ আজাৰা, গুৱাহাটী-১৭
অলেখ ফুল, অলেখ…
মূল [ওড়িয়া]ঃ মনোজ দাস
অনুবাদঃ নৱকুমাৰ মিশ্ৰ
তাহানিৰ সেই বিখ্যাত অট্টালিকাটোৰ ঠাই দখল কৰি আজি সেই ডোখৰতে থিয় হৈ আছে শুকুলা, আটকধুনীয়া এই বাংলোটি৷ পদূলিমুখৰ মজবুত পকী তোৰণখনৰ গাত গোট গোট আখৰেৰে লেখা আছিল ‘হৰিৰ্নামহি কেৱলম’ বুলি৷ এতিয়া তাৰ ঠাইত সেউজীয়া ফলক এখনত সাৱধান বাণী লিখি থোৱা আছে-‘বি ওৱেৰ অব ডগচ’৷
এইদৰেই সকলো সলনি হৈ গৈছে৷ তাৰ মাজত আগৰদৰেই আছে কেৱল পূৱফালৰ উদ্যানখন৷ এতিয়া তাত ফুলি থকা ফুলবোৰ তাহানিৰ গছবোৰৰেই বংশধৰ হ’ব নি(য়৷ হয়তো পুৰণি দিনৰ তগৰ, জবাফুলৰ স’তে এতিয়া নতুনকৈ আহিছে আজিৰ দিনৰ ডালিয়া আৰু জিনিয়া৷ আজি অৰ্ধশতাব্দী পিছতো কিন্তু বাগিছাখনৰ স্থিতি প্ৰায় অপৰিবৰ্তনীয় হৈ আছে৷ যিখন বাৰাণ্ডাত বহি তাহানিৰ তৰুণ প্ৰফুল্লবাবুৱে বাগিছাখনৰ সৌন্দৰ্য উপভোগ কৰিছিল, সেইখন বাৰাণ্ডাত ওলমি থকা তেওঁৰ পিতৃদেৱৰ প্ৰকাণ্ড তৈলচিত্ৰখন আজি ক্ষীয়মান হৈ পৰিছে৷ আজি জনৈকা বিদেশিনী পৰীৰ চিত্ৰ সম্বলিত তাৰ আধুনিক সংক্ষিপ্ত সংস্কৰণ এটিয়ে তাত শোভা পাইছে, য’ত আৰামী চকীখন পাতি লৈ থাপি প্ৰফুল্লবাবুৱে আজি পঞ্চাশ বছৰ পিছত আহি পুনৰ বহি লৈছে৷
একেৰাহে পঞ্চাশটা বছৰ পূৱ আফ্ৰিকাত স্বচ্চল কিন্তু উচ্চৃংখল জীৱন অতিবাহিত কৰাৰ পাছত ওপজা মাটিৰ সৈতে বিস্মৃত সম্পৰ্ক পুনৰ প্ৰতিষ্ঠা কৰাৰ প্ৰয়াসত প্ৰফুল্লবাবুক যথেষ্ট সহায় কৰিছে তেওঁৰ ভাতুষ্পুত্ৰ, তেওঁৰ পত্নী আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীৰ আদৰ যত্নই৷ সৰ্বোপৰি, আজি ঢলপুৱাতে এই উদ্যান, তাৰ সতেজ পুষ্পগুচ্চ, যাৰ মৃদু-মধু হাঁহিৰে ইষৎ আচ্চাদিত কুঁৱলীও হৈ উঠিছে ৰঙীন৷ পৰিৱেশটো তেওঁৰ ইমানেই অন্তৰংগ যেন বোধ হৈছিল যে প্ৰফুল্লবাবুৰ যৌৱন আৰু আজিৰ প্ৰৌঢ়াৱস্থাৰ মাজৰ অৰ্ধশতাব্দীব্যাপ্ত জীৱনৰ মাইলৰ খুটিবোৰ যেন পৰস্পৰৰ দেহত সমাহিত হৈ এৰি থৈ অহা পথচোৱাক যথাসম্ভৱ চুটি কৰি আনিছিল৷
কিন্তু আজিৰ ধূসৰ স্মৃতিত সেই দীৰ্ঘপথ যিমানে সংক্ষিপ্ত নহওক কিয়, তাৰ দুৰ্গমতাৰ অভিজ্ঞতাখিনি ক্ষীণ হোৱাৰ প্ৰশ্নই নুঠে৷ সেই পথচোৱাৰ ভৌগোলিক কলেৱৰ যেনেকৈ সমুদ্ৰ-অৰণ্য সমাবৃত, তাৰ আভ্যন্তৰীণ ৰূপো তেনেধৰণে প্ৰচুৰ সামুদ্ৰিক, আৰণ্যক অভিজ্ঞতাৰে সমৃদ্ধ৷
দীঘলীয়া সেই কণ্টকিত আৰু শিলেৰে আৱৰা পথছোৱাৰ স্মৃতি সমুলঞ্চে ধুই পেলাব পৰা হ’লে বৰ ভাল হ’লহেঁতেন৷ তগৰ ফুলৰ গছজোপাৰপৰা টপটপকৈ সৰি পৰা নিয়ৰৰ টোপালৰ দৰে কোনো চেঁচা এক স্পৰ্শত অৱগাহন কৰিবলৈ প্ৰফুল্লবাবুৰ এক তীব্ৰ আকাংক্ষা উপজিল৷
হঠাৎ তেওঁ চক্ খাই উঠিল৷ কুঁৱলীয়ে আৱৰি ৰখা উদ্যানখনৰ ভিতৰত ঘূৰি ফুৰিছে এজনী ছোৱালী৷ ইয়াত চক্ খাই উঠিবলগা একো নাই৷ সেয়ে চক্ খাই ভুল কৰিলে বুলি তেওঁৰ বোধ হ’ল৷ ছোৱালীজনীয়ে বোধকৰোঁ কুকিত ফুল তুলিছে৷ তাইৰ খোজ-কাটলৰ ছন্দময় গতি দেখি এনে ভাৱ হয়, যেন এটি পখিলাই - ফুলে ফুলে পৰি মৌ গোটাই ফুৰিছে৷
প্ৰফুল্ল বাবুৱে অনাহকতে ভয় পোৱাৰ কথাটো পাহৰিবলৈ যত্ন কৰিলে৷ ঠিক তেনে সময়তে আকৌ তেওঁৰ মনলৈ আহিল, ছোৱালীজনীৰ নাম হয়তো লীনা৷ তেওঁ দ্বিতীয়বাৰৰ বাবে চক খাই উঠিল যদিও এইবাৰ তেওঁ সেই ভয় মনৰপৰা আঁতৰাবলৈ মুঠেও চেষ্টা নকৰিলে৷
ছোৱালীজনী লীনা হোৱাহেঁতেন, তাই নি(য় লাহে লাহে তেওঁৰ ওচৰলৈ আগবাঢ়ি আহিলেহেঁতেন৷ তেওঁৰ ওচৰৰ ফুলজোপাত ফুল নাথাকিলেও এবাৰলৈ হ’লেও তাই গছজোপাৰ ডাল-পাতৰ মাজত ফুলৰ সন্ধান কৰিলেহেঁতেন৷
পঞ্চাশ বছৰ আগতে এৰি থৈ অহা দিনবোৰ তেনেকুৱাই আছিল৷ সেই সময়ৰ কুৰি বছৰীয়া তৰুণ প্ৰফুল্লবাবুই নিতৌ পুৱাতে এই বাৰাণ্ডাখনৰ এইখিনিতে চকাখনত বহিছিল৷ প্ৰতিৱেশী ঘৰখনৰ ষোড়শী কন্যা লীলা নিতৌ বাগিছাখনৰ ভিতৰলৈ সোমাই আহিছিল৷ ফুল তুলি প্ৰফুল্লৰ মাকৰ বাবে গোসাঁইঘৰত আধা ফুল থৈ, তাই যাবলৈ ওলোৱা পথটোতে চকী এখন পাতি বহি ৰৈছিল প্ৰফুল্লবাবু৷ সসংকোচেৰে ছোৱালীজনীয়ে দুৱাৰডলি পাৰ হোৱাৰ সময়তে প্ৰফুল্লবাবুৱে কৈছিল- ‘মোকো এটা ফুল দি যোৱানা৷’ এটা মুহূৰ্তৰ বাবে ছোৱালীজনী ৰৈ যায়৷ ফুলৰ কুকিৰপৰা এপাঙ সুগন্ধী ফুল তাই হাতৰ আঙুলিৰে তুলি ধৰে৷ প্ৰষ্ফুটিত ফুল আৰু ওঁঠত বিৰিঙি উঠা হাঁহি একেডাল মালাৰে গাঁঠি তাই ফুলপাহ প্ৰফুল্লবাবুলৈ আগবঢ়াই দিয়ে৷
এনেদৰে কেবাদিনো চলিছিল৷ কিন্তু আৰু কিমান দিনলৈ প্ৰফুল্লই কেৱল ফুলকে খুজি থাকিব? নিজৰ মনতে প্ৰশ্নৰ উদয় হৈছিল প্ৰফুল্লৰ আৰু অন্য কোনো নতুন ভাষা বিচাৰি তেওঁৰ মনটো অস্থিৰ হৈ পৰিছিল৷ ক্ৰমাগত দুই-চাৰিদিন তেওঁৰ কণ্ঠস্বৰ মন্থৰ হৈ পৰিছিল৷ অৱশেষত এদিন নিঃশ্বাস বন্ধ কৰি তেওঁ কৈ পেলাইছিল- ‘ফুল দিছা বাৰু, এইবাৰ চুমা এটাও দিয়ানা৷’
এই কথা শুনি লীনাই লাজতে তীব্ৰ বেগেৰে পলায়ন কৰিছিল৷ প্ৰফুল্লই নিজ কপালৰ ঘাম মচি মচি নিজ বক্তব্যৰ ন্যায্যতা সম্পৰ্কে পুনৰবিচাৰ কৰাত লাগিল- তেওঁ ভুল কৰি পেলালে নেকি? আমাৰ সাহিত্যততো এনে ধৰণৰ স্পষ্ট ভাষাৰে প্ৰেম নিৱেদনৰ অলেখ উদাহৰণ আছে৷ কাইলৈ বাৰু লীনা আকৌ আহক!
লীনা পিছে পিছদিনা নাহিল৷ তাৰ পিছদিনাও নাহিল৷ তাৰ পিছদিনাও৷ কিমান দিন ধৰি যে অন্তদ্বৰ্ন্দ্বত ভূগি থাকিল প্ৰফুল্ল৷ কি ভুলটো কৰিলে তেওঁ? ইমানবোৰ ফুল যিয়ে দিব, তেওঁ বাৰু এটা চুমাও নিদিবনে?
এই সময়তে পূৱ আফ্ৰিকাত থকা নিঃসন্তান মোমায়েক অসুস্থ হৈ পৰাৰ বাতৰি পোৱাৰ লগে লগে প্ৰফুল্লই জাহাজেৰে তালৈ যাবলৈ ওলাল৷ মোমায়েকৰ মৃত্যুৰ পিছত তেওঁৰ ব্যৱসায়ৰ উত্তৰাধিকাৰী হৈ প্ৰফুল্লই তাতেই কটালে জীৱনৰ সুদীৰ্ঘ পঞ্চাশটা বছৰ৷
এদিন পুৱাৰ এটি উপেক্ষিত নিৱেদনেই যে তেওঁৰ গোটেই জীৱনৰ গতিপথকে প্ৰভাৱিত কৰা নাই, সেই কথা কোনে ক’ব? যি বিয়াকুল তৃষাটিয়ে তেওঁৰ নিজৰ ভিতৰতে হাহাকাৰ কৰি উঠে, তাৰ আদিম উৎস যে সেই পুৱাৰ ঘটনাৰ ভিতৰত নাই, সেই কথা কোনে ক’ব পাৰিব? অবিবাহিত প্ৰফুল্লবাবুৱে বিদেশত নিষিদ্ধ ফলযে সম্পূৰ্ণৰূপে বৰ্জন কৰি চলিছিল, সেয়াও নহয় ৷ বৰং সেই দিশত তেওঁৰ জীৱনযাত্ৰা আছিল সম্পূৰ্ণ লেকামহীন৷ আজি যি টোপাল টোপাল নিয়ৰৰ কণিকা আহি চকুৰ সন্মুখত পৰিছেহি তাৰ বিপৰীতে স্নিগ্ধ, শীতল পানীয়ৰ অন্বেষণত গৈ তেওঁ পাইছিল, কিলবিলাই থকা এমখা বিষাক্ত সাপৰ নিঃশ্বাস৷ সেইবোৰ স্মৃতি আজিও যেন আকণ্ঠ বিয়পি আছে৷
প্ৰফুল্লবাবুই এটা নিয়ৰে তিয়াই ৰখা এপাহ ফুলৰ পাপৰিৰদ্বাৰা মুখৰ সেই স্মৃতিৰ চেকাবোৰ মচি পেলাবলৈ বিয়াকুল হৈ পৰিল৷
বাগিচাৰ ভিতৰত এপাহ এপাহকৈ ফুল তুলি থকা ছোৱালীজনী তেওঁৰ ওচৰৰ গছজোপালৈ আগুৱাই আহিছে- ঠিক যেনেকৈ একালত আগুৱাই আহিছিল লীনা৷ আহ্ লীনাই যদি সিদিনা তেওঁৰ প্ৰস্তাৱটি সহজভাৱে গ্ৰহণ কৰিলেহেঁতেন!
প্ৰফুল্লবাবু লীনাৰ প্ৰতি বিদ্ৰোহী হৈ উঠিল৷ ছোৱালীজনী যিমানে তেওঁৰ ওচৰলৈ আগবাঢ়ি আহি আছে, তেওঁৰ বিদ্ৰোহৰ তীব্ৰতাও সিমানে বাঢ়ি গৈ আছে৷ হঠাতে ক’ব নোৱৰাকৈয়ে তেওঁ কৈ উঠে- ‘দিয়ানা মোক এপাহ ফুল৷’
‘আঃ নি(য়, নি(য়৷’ ছোৱালীজনীয়ে আহি এটা সুন্দৰ গোলাপ তুলি দিয়ে প্ৰফুল্লবাবুৰ হাতত৷
‘মোক চুমা এটাও দিয়ানা৷’
‘আঃ নি(য়, নি(য়৷’ ছোৱালীজনীয়ে প্ৰফুল্লবাবুৰ ডিঙিত হাত থৈ তেওঁৰ গালত নিঃসংকোচে উপহাৰ দিলে এটি মৌ-মিঠা চুমা৷
তেনেহ’লে সিদিনা তাই এইখিনিকে বাৰু কিয় নকৰিলে?
প্ৰফুল্লবাবুৰ এই প্ৰশ্নত ব্যাকৰণৰ প্ৰতি অমনোযোগী সেই ছোৱালীজনীয়ে কৈ উঠিল- ‘কোনদিনা ককা? তুমি কেতিয়াবা খুজিছিলা জানো? আঃ আই এম চ চৰি৷ মই তোমাক নিতৌ একোটাকৈ চুমা দিম৷ মই, লিলি, প্ৰভাতী, চামেলি, তগৰ- তোমাৰ সমস্ত নাতিনীয়ে তোমাক প্ৰতিদিনে ফুলো দিম, চুমাও দিম৷’
প্ৰফুল্লবাবুৰ হাতত ধৰি ছোৱালীজনীয়ে নাচি বাগি বাগিচাৰপৰা ওলাই গ’ল৷ প্ৰফুল্লবাবুৰ মনত এনে ভাৱ হৈছিল- তেৱোঁ যেন এটি পখিলাত পৰিণত হৈছে৷ বাগিচাখনত যেন অজস্ৰ ফুল, অজস্ৰ হাঁহি, অজস্ৰ চুমা৷ শীতল কুঁৱলীৰ ভিতৰত তেওঁৰ মুখমণ্ডলৰপৰা ক্ৰমে যেন অপসাৰিত হৈছে পঞ্চাশ বছৰ অতীতৰ সেই প্ৰজ্বলন৷ সেই দিনটো আৰু আজিৰ দিনটোৰ ভিতৰত যেন মাথো ৰাতিটোহে পাৰ হৈছে- এনে অনুভৱ হ’ল প্ৰফুল্লবাবুৰ৷
উদিত সূৰ্যৰ কিৰণে বাগিচাখন উদ্ভাসিত কৰি তুলিলে৷ প্ৰফুল্লবাবুৰ মনত এনে অনুভৱ হ’ল- সেই উদিত সূৰ্যটোৱে যেন সমগ্ৰ পৃথিৱীৰ গালত চুমা আঁকি দিছে৷
লেখক পৰিচিতিঃ
আন্তৰ্জাতিক খ্যাতিসম্পন্ন লেখক, অধ্যাপক মনোজ দাস [১৯৩৪-২০২১] ওড়িয়া গদ্য সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ৷ ওড়িশাৰ বালেশ্বৰ জিলাৰ শংখাৰি গাঁওত তেখেতৰ জন্ম৷ ছাত্ৰাৱস্থাতেই তেখেতৰ প্ৰথম গল্প সংকলন ‘সমুদ্ৰৰ ক্ষুধা’ প্ৰকাশ পায়৷ পুৰী কলেজত অধ্যয়নৰত অৱস্থাতে তেখেতে লিখিছিল প্ৰথমখন উপন্যাস ‘জীৱনৰ স্বাদ’৷ ছাত্ৰাৱস্থাত ছাত্ৰ ৰাজনীতিত সক্ৰিয় ভূমিকা লৈ তেওঁ কাৰাবৰণ কৰিবলগীয়া হৈছিল৷ জীৱনৰ প্ৰথম ভাগত সাম্যবাদী আন্দোলনত জড়িত হৈ পৰা মনোজ দাসে পিছলৈ পণ্ডিচেৰীত থকা ঋষি অৰবিন্দ আশ্ৰমত অৱস্থান কৰি গভীৰ আধ্যাত্মিক দৰ্শনেৰে দীক্ষিত হৈছিলগৈ৷ দহখন উপন্যাস, প্ৰায় একুৰি গল্প সংকলন, কেবাখনো কবিতা সংকলন, প্ৰৱন্ধ সংকলন, ভ্ৰমণ কাহিনী তেওঁৰ সাৰস্বত কীৰ্তি৷ তেখেতে কেবাখনো কাকত-আলোচনীও সম্পাদনা কৰিছিল৷ ইংৰাজী আৰু ওড়িয়া- এই দুই ভাষাতে তেওঁ সাহিত্যচৰ্চা কৰিছিল৷
মনোজ দাসৰ গল্পৰ বক্তব্য, উপস্থাপন শৈলী, মানৱীয় সংৱেদনশীলতা আৰু উচ্ছতৰ মনস্তাত্বিক চেতনাই পাঠকক বান্ধি ৰাখে৷ লোককথা, শ্লেষ, কৌতুক, ব্যংগ-বিদ্ৰুপৰ সংযোজনা তেওঁৰ ৰচনাৰ আভূষণ৷ তেওঁৰ কেবাটাও গল্পত প্ৰেমৰ পৰিভাষাও ভিন্ন ধৰণে প্ৰস্ফুটিত হৈছে৷ গৱেষকসকলৰ মতে কুহুক[?] বাস্তৱতাৰ অদ্বিতীয় কথক হৈছে মনোজ দাস৷
পদ্মশ্ৰী, পদ্মভূষণ, সাহিত্য একাডেমী বঁটাকে ধৰি অসংখ্য পুৰস্কাৰেৰে তেখেত সমৃদ্ধ হৈছে৷ লকডাউনৰ ভিতৰতে, যোৱা ২০২১ বৰ্ষৰ ২৭ এপ্ৰিল তাৰিখে সাহিত্যৰ এই মহান সাধকগৰাকীয়ে ইহলীলা সম্বৰণ কৰে৷